News & Event

07 Dec 2024LITERARY AWARD & PENSION 2024-2025

ইং ৭/১২/২০২৪ তাৰিখে আবেলি ২-০০ বজাৰ পৰা অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে পৰম শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱী আৰু বিভিন্ন জাতি - জনগোষ্ঠীৰ শুভ চিন্তক স্বৰ্গীয় হেমেন বৰগোহাঞি দেৱৰ ৯৩ সংখ্যক পৱিত্ৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত - ২০২৪ চনৰ সাহিত্যিক পেঞ্চন আৰু সাহিত্য বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠীত কৰা হয় আৰু প্ৰতি গৰাকী সাহিত্যিক পেঞ্চনাৰ আৰু সাহিত্য বঁটা প্ৰাপক সকলোলৈ শ্ৰদ্ধাৰে শুভ কামনা আৰু অভিনন্দন জনালোঁ। লগতে অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি - জনজাতি আৰু জনগোষ্ঠীৰ সাহিত্যিক সকলক সাহিত্যিক পেঞ্চন আৰু বঁটাৰ বাবে নিৰ্বাচিত কৰি সন্মান প্ৰদৰ্শন কৰাৰ বাবে অসমৰ জনপ্ৰিয় আৰু কৰ্মযোগী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডা০ ৰনোজ পেগু দেৱলৈ বহুত বহুত শ্ৰদ্ধা আৰু শুভ কামনা জনালোঁ । লগতে দেউৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি ড০ ষড়ানন দেউৰী দেৱলৈ শ্ৰদ্ধাৰে শুভ কামনা আৰু অভিনন্দন জনালোঁ ।

DCC - Copyright 2024. Developed & Maintained by IT Cell DCC